নীলা খামৰ চিঠি (পুষ্পাঞ্জলী শইকীয়া)


প্রিয়বৰ,
হৃদয়ৰ নিভৃতম কোণত অধিকাৰ সাব্যস্ত কৰি আছে বাবেই আপোনাক ধন্যবাদ ৷ আপোনাৰ কলিজালৈ মোৰ মৰমৰ ফল্গুধাৰা বৈ আছে চিৰন্তন, ন'কৈ নকওঁ আজি ৷
আঙুলিৰ ফাকেৰে বালি সৰকাৰ দৰে, কচুপাতত পানি পিচলাৰ দৰে, আকাশৰ সীমাত অসীমত হেৰায় যোৱাৰ দৰে আপুনি কিয় হেৰাব বিচাৰিছে ?
মুকলি প্রশ্নটো কেৱল আপোনালৈ, মোৰ পৰম আকাঙ্খীত ভালপোৱা জনলৈ, "ইমান মৰম যাঁচিছিল কিয় যি মৰমত মোৰ অস্থিত্ব হেৰায় গ'ল আপোনাৰ তেজৰ কোবাল গতিত ? কলিজাৰ ধমনীত কিয় প্রবাহিত হ'বলৈ দিছিল মোৰ উশাহটোক ? আঁতৰি যাবই যদি আছিল কাষলৈ চপাইছিল কিয় ? আপোনাৰ অবিহনে মই জীয়াই থাকিব পাৰিম নে এবাৰ বুকুৰ ধপধপনিটোক সুধি চাওঁক ৷ পজিটিভ উত্তৰ নাপালে হয়নে । আপুনি ভালকৈয়ে জানে মই জীয়াই থাকিব খোজো আপুনিহৈ । তৎস্বতেও আপুনি এনেকৈ মোক অকলে................"
সিদ্ধান্ত সলাওক বুলি নকওঁ মই ৷ আপোনাৰ হতাশাই মোক পঙ্গু কৰিছে আৰু মই এটা জীৱন্ত মৰাশলৈ ক্রমে সলনি হৈছো । আপোনাৰ অবিহনে মই জীয়াই থাকিব পাৰিমনে ? নোৱাৰো সমূলি ৷ প্রেম প্রেৰণা সকলো আপুনিয়েই । নেদেখা ঈশ্বৰো মোৰ আপুনিয়েই ৷
আৰু নকওঁ একোকে ৷ মই অভিমান কৰি বহু দূৰলৈ যামগৈ যৰ পৰা উভতি অহা অসম্ভৱ সপোনৰো আগোচৰ,

প্রান্তত
আপোনাৰ প্রিয়া ৷