মূল কবিঃ নিৰ্মলেন্দু গুণ
অসঃ অনুঃ ছা-হা-বা হাৰ্টি
এদিন ওপৰলৈ জোনটো উঠি নাহিব,
ৰাতিপুৱা, দুপৰীয়া
মৃত্যুৰ চিহ্নিত স্থিৰ হৈ ৰ'ব ।
এদিন অন্ধকাৰতো গোটেই সময়খিনি
প্ৰিয় বন্ধুৰ দৰে হ'ব
এদিন গোটেই দিন সূৰ্যটোও উঠি নাহিব ।
এদিন চুলি কাটিবলৈ ছেলুনত নাযাওঁ,
এদিন নিদ্ৰাহীন চকুত পৰিবলৈ দিম ধুলি ।
এদিন ক'লা চুলিবোৰ সৰি পৰিব,
এদিন কোনো কাৰণতে
সুগন্ধি ফুলবোৰ ফুলি নুঠিব ।
এদিন জনসংখ্যা কম হ'ব এই চহৰত,
ট্ৰেইনৰ টিকট কাটি
এজন মানুহ বৃন্দাবনত,
গাৱঁলৈ উভতি নাহে,
এদিন পৰাজিত হ'ব ।
এদিন ক'তো নাযাওঁ,
শূন্য স্থানত তুমি
আৰু বেলেগ কোনোবা,
বহি থাকিয়েই বাঢ়িব বয়স,
এদিন তোমাক শাসন কৰি থকা পূৰ্ণিমাৰ ৰাতি
অসম্ভৱ ভাৱে মাৰ যাব ।
এদিন গোটেই দিন ক'তো নাযাওঁ ।
অসঃ অনুঃ ছা-হা-বা হাৰ্টি
এদিন ওপৰলৈ জোনটো উঠি নাহিব,
ৰাতিপুৱা, দুপৰীয়া
মৃত্যুৰ চিহ্নিত স্থিৰ হৈ ৰ'ব ।
এদিন অন্ধকাৰতো গোটেই সময়খিনি
প্ৰিয় বন্ধুৰ দৰে হ'ব
এদিন গোটেই দিন সূৰ্যটোও উঠি নাহিব ।
এদিন চুলি কাটিবলৈ ছেলুনত নাযাওঁ,
এদিন নিদ্ৰাহীন চকুত পৰিবলৈ দিম ধুলি ।
এদিন ক'লা চুলিবোৰ সৰি পৰিব,
এদিন কোনো কাৰণতে
সুগন্ধি ফুলবোৰ ফুলি নুঠিব ।
এদিন জনসংখ্যা কম হ'ব এই চহৰত,
ট্ৰেইনৰ টিকট কাটি
এজন মানুহ বৃন্দাবনত,
গাৱঁলৈ উভতি নাহে,
এদিন পৰাজিত হ'ব ।
এদিন ক'তো নাযাওঁ,
শূন্য স্থানত তুমি
আৰু বেলেগ কোনোবা,
বহি থাকিয়েই বাঢ়িব বয়স,
এদিন তোমাক শাসন কৰি থকা পূৰ্ণিমাৰ ৰাতি
অসম্ভৱ ভাৱে মাৰ যাব ।
এদিন গোটেই দিন ক'তো নাযাওঁ ।







