ফাগুন (বিজয় বেজবৰুৱা)

নৈপৰীয়া
এজাক ৰিঙা ৰিঙা উদঙীয়া বতাহ


ধূলি ধূসৰিত এখন উকা পথাৰত
চেঁকুৰি ফুৰিছে
পঘা ছিঙা এটি জটাধাৰী দুপৰীয়া


সিৰিককৈ সৰি
গছৰ পাত নাঙঠ হৈছে অৰণ্য


বাউলী আকাশ ৰাঙলী হয়
নৈ পাৰত কিৰীলিয়াই থাকে
মদাৰ- শিমলুৰ পাহি


ভনীৰ আঁচল খহাই
ক'লৈ আঁতৰি যাব


অ' দুষ্ট ফাগুন !


ঠিকনাঃ তথ্য আৰু জনসংযোগ বিভাগ,

দিছপুৰ, গুৱাহাটী- ৬
দূৰভাষঃ ৯৮৬৪০৭৪৪৪৯