বৰষুণ (অনিন্দিতা পৰাগ ডেকা)

দুচকুৰ দাঁতিত
কিছু অভিমান আছিল


কাৰো নাম নিলিখা
এটা খামত
এৰি দিয়া হৈছিল
যুৱতী অনামিকা গোস্বামীৰ বিদ্ৰোহৰ যৱনিকাৰ নাট ।


কালে পাহৰি পেলোৱা কথাবোৰ
ওলমি থাকিল গীত এটি হৈ


গীতটো মইও গাব খুজিছিলো ।


দুচকুৰ দাঁতিত
তেতিয়াও জমা হোৱা নাছিল
ইমান এন্ধাৰ


যিদিনা মই স্বাধীন হোৱাৰ কথা আছিল,
ঠিক সেইদিনাৰে পৰা
অভিমানবোৰ সৰিছিল ।


আৰু,
সমাজে সময়ে অসময়ে
বৰষুণ দিয়ে বুলি ককৰ্থনা কৰিছিল ।


(বিঃদ্ৰঃ যুৱক প্ৰশান্ত দাসে বৰষুণৰ বাবে কামাখ্যা মন্দিৰলৈ বগাব পৰা নাছিল ।)