প্ৰেমৰ বৰষুণ (কিৰণ ৰবিদাস)

বাৰিষাৰ প্ৰথম জাক বৰষুণত
তিতিব খোজা নেকি
সপোন কোঁৱৰ !


প্ৰথম প্ৰেমৰ দুখ যান্ত্ৰণা
বুকুত বান্ধি
সকলো পাহৰিবলে ৷


বহু আশা-আৱেগ
অন্তৰ উজাৰি
দিয়া মৰমবোৰ
হঠাতে হেৰাই গ'ল ৷


হেৰাই গ'ল জীৱনৰ
বহুকেইটা মুহূৰ্ত
য'ত দেখিছিলো
তোমাক লৈ সপোন ৷


নীলা আকাশৰ
দূৰ দিগন্তত
কিয় নীৰৱে বহি আছা ?
কাষলৈ এবাৰ ঘূৰি আহা


তুমি নাথাকিলেও
তোমাৰ মৰমক
ৰাখিম চিৰযুগমীয়া কৰি
যুগে যুগে হৈ ৰ'ব প্ৰেম চিৰস্থায়ী ৷