[অণুগল্প]
বৰষুণ জাক আহোতে তাইৰ দুচকু সেমেকি উঠিল ৷ ঠিক এই তাৰিখৰ এই দিনটো তোৰ এই সময়খিনিতে তাই ৰেহানৰ প্ৰেমৰ প্ৰস্তাৱ স্বীকাৰ কৰিছিল ৷ সিদিনাও বৰষুণ পৰি আছিল টুপ টুপ কৈ ৷ ৰেহানে কৈছিল আমাৰ নতুন জীৱনলৈ এয়া ওপৰাল্লাৰ পুষ্প বৃষ্টি ৷ স্নিগ্ধাৰ সিদিনাও চকু সেমেকি উঠিছিল প্ৰেমৰ স্বৰ্গীয় সুখৰ অনুভৱত ৷
কাকতালীয় ভাৱে ঘৰুৱা শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বাবে ন্যালয়ত চলি থকা
ৰেহানৰ কেচটোৰ আজি শুনানি হ'ল ঠিক একে দিন একে সময়টোতে ৷ জেললৈ বুলি লৈ যোৱা
ৰেহানলৈ চাই স্নিগ্ধাৰ দুচকু সেমেকি উঠিল ৷ এনেতে বৰষুণ জাকো নামি আহিল সিদিনাৰ
দৰেই ৷ পাৰ্থক্য মাত্ৰ ইমানেই আজি তাইৰ সেমেকা চকু সেমেকি ৰৈ নাথাকিল ৷ বৰষুণ জাকৰ
দৰে সৰসৰকৈ টোপালবোৰ দুচকুত বান হৈ নামি আহিল আবদ্ধ প্ৰেমৰ বন্ধ ঘৰত হেৰুৱাই পেলোৱা
মুক্ত উশাহৰ সুখ আশাত ৷বৰষুণ জাক আহোতে তাইৰ দুচকু সেমেকি উঠিল ৷ ঠিক এই তাৰিখৰ এই দিনটো তোৰ এই সময়খিনিতে তাই ৰেহানৰ প্ৰেমৰ প্ৰস্তাৱ স্বীকাৰ কৰিছিল ৷ সিদিনাও বৰষুণ পৰি আছিল টুপ টুপ কৈ ৷ ৰেহানে কৈছিল আমাৰ নতুন জীৱনলৈ এয়া ওপৰাল্লাৰ পুষ্প বৃষ্টি ৷ স্নিগ্ধাৰ সিদিনাও চকু সেমেকি উঠিছিল প্ৰেমৰ স্বৰ্গীয় সুখৰ অনুভৱত ৷








