তোমালৈ মনত পৰে (এন হক)

দিগন্তত অস্তবেলিৰ নষ্টালজিক আবিৰে
নিচাসক্ত মনৰ পানী যুঁৱলিত প্ৰতিফলিত হোৱা
অস্তিত্বহীন ছায়াময়া দিনৰ প্ৰতিচ্ছবিত দেখো
তোমাৰ কায়িক মুখাবয় ।


হিম চেঁচা সমীৰণত অন্তৰখন ভিজি
আজি তোমালৈ মনত পৰিছে
বৰকৈ মনত পৰিছে "জুৰি"


তোমাক লগ পোৱা বেলিকা
নিৰস একাকিত্বময় দূৰ্গম বাটত
তোমাৰ স্নেহময় পৰশত
পাথৰবোৰ বিগলীত হৈ
ফুলি উঠিছিল সুধা- বগা গোলাপ হৈ ।


মোৰ বিৰান নিসংগতাত সুগন্ধি ছটিয়াই
কণ্টকময় সময়ো সুখানুভূতিৰ সাগৰত ভঁহাই
তুমি যে পি খাইছিলা বিষাক্ত জয়লতা
গুজি দিছিলা মোৰ ওঁঠত তৃপ্তিৰ হাঁহি ।


মই জানো, জুৰি
মোৰ নিস্কৰ্মতাৰ বোকাময় পিছল জীৱনত
দুখৰ বাহিৰে দিব পৰা নাই সুখ তোমাক
কিন্তু বিশ্বাস কৰা 'জুৰি'
হৃদয়ৰ গভীৰতাত প্ৰেমিক চৰাইটি
মাথোঁ তোমাকে সুঁৱৰে ৷


ওভতি আহিবা জুৰি
আহিবা তুমি
আহিব যে লাগিবই
দৌলতৰ তলি ফুটা ভৰালতে দেখিম
তুমি আৰু মই
প্ৰেমময় সেউজীয়া সপোন
তোমাৰ উদং আচলত ভৰাই দিম
ভালপোৱাৰ পৰশ ।


মই আকৌ নিসংগ হৈছো
বুকুত মাথোঁ হাহাকাৰ
এশ এবুৰি যন্ত্ৰণাত আক্ৰান্ত কলিজাত
থিয় হৈ আজি
তোমালৈ মনত পৰিছে জুৰি
তুমি আহিবা ওভতি জুৰি
তুমি আহিবা ওভতি....... !