মগনীয়া (পল্লৱী হাজৰিকা)

মোক এমুঠি আহাৰ দিয়া
মই তোমাক এটি হাঁহি দিম
বিনিময় কৰিম সুখৰ…
দিয়া এমুঠি ভাত
মোৰ চকুৰ পানীবোৰ বিদায় দিম
ভোকৰ জোলোঙাটি থম কাষৰীয়া কৰি ।
তোমাৰ এটি হাঁহি মোক দিয়া
পৃথিৱীৰ সুখীৰ শাৰীত মই বহিম ।