মোৰো বোলে এদিন সুখৰ দিন আহিব (হীৰক জ্যোতি গগৈ)

মায়ে কয়
মোৰো বোলে এদিন সুখৰ দিন আহিব
আন্ধাৰৰ বাট গুছি
সুখৰ দিনবোৰে মোৰ জীৱন উজ্বলাব ।


সৌ আকাশখন দেখিছা…
আকাশৰ সেই ৰং বিৰঙ তৰাৰ তুলিকাৰে
মোৰ এদিন ঘৰ সজাব
পূৰ কৰিব মোৰ আধৰুৱা বহু দিবাস্বপ্নৰ ।


মায়ে কয়
মোৰো বোলে এদিন সুখৰ দিন আহিব
চকুৰ কুটা দাঁতৰ শালৰ
পিৰপিৰনি আৰু দুগুণে বাঢ়িব,
ৰঘুমলাৰ দৰে আগুৰিব
দুঃচিন্তাৰ জৰীয়ে ৷


মায়ে কয়…
মোৰো বোলে এদিন সুখৰ দিন আহিব;
চাৰিওফালে দহি থকা গৰম বতাহ
তেতিয়া ঠাণ্ডা হ'ব,
দূৰ হ'ব
ক'লা ছায়াৰ সকলো আৱেষ্টনী ৷


মায়ে কয়
মোৰো বোলে এদিন সুখৰ দিন আহিব…।


ঠিকনাঃ কৰঙা গন্ধীয়া গাওঁ, যোৰহাট