প্ৰতাৰিত এই যন্ত্ৰণাবোৰ (দীপাংকৰ ৰায়)

মুখামুখিকৈহে কথা পাতা মজা
সিমান দূৰৈৰ পৰা নহয়
মিছাতে বলীয়া হৈ বাহৰ পাতিছ
নে লুকাই- চুৰকৈ মহান বনিব বিচাৰিছ
লাভ নহ'ব ইতিকিং হজম কৰিব পাৰো
কেঁচাই কেঁচাই চোবাও পাৰো,
আহঃ কি ৰঙচুৱা সোৱাদ !
কিন্তু এবাৰ দুৱাৰতে ইমান ভাল নালাগে
সেয়ে প্ৰথমতে জিভাৰে চেলেকি চাওঁ ৷


এবাৰ নহয় দুবাৰ নহয়
হিচাপৰ জোখ নকৰাকৈ
তিতা, মিঠা, কেহা নে আন কিবা
এতিয়া ইয়াৰে এটা বাচি লোৱা
অৱশ্যে ভুল হ'ব পাৰে
নাভাগৰিবা, খঙো নকৰিবা
নাইবা তেজৰ ফাকুৰে গা তিয়াব চেষ্টাও নকৰিবা
আগত চিনাকী হৈ লোৱা আন্তৰিকতাৰে
নহ'লে জানিবা বিপদে গৈ আছা
বাট কিন্তু ভালেকেইটা
ভালকৈ হৃদয়ংগম কৰিবা
আৰু আত্মাৰ জোখাৰে যুকিয়াই চাবা
যিমান সম্ভৱ ঘূৰিবা
মানুহৰ ভিৰ আৰু শূন্যতাৰ স'তে
প্ৰতিটো মুহূৰ্ততে নিজকে প্ৰশ্ন কৰি যাবা
ইয়াত কি পালো
তাত কি থাকিব পাৰে
বিচাৰত থিয় হৈও ভিতৰি ভাবিবা এবাৰ হ'লেও
ইয়াতনো কি
প্ৰতাৰিত এই যন্ত্ৰণাবোৰ... !