মৰমৰ
ৰজী,
মৰম ল'বি, আজি হঠাতে নামি অহা বৰষুণজাক দেখি তোলৈ বৰকৈ মনত পৰিল
৷ আগতে তই মই যে একেখন জাকৈকে লৈ পথাৰত মাছ মাৰি ফুৰিছিলোঁ, এবাৰ যে তোৰ ভৰিত জোকে
ধৰিছিল ৷ দুয়োজনীয়ে যে জাকৈ- চাকৈ এৰি পাৰলৈ তৰা- নৰা চিঙি দৌৰ মাৰিছিলোঁ|ট ৷ তোক
স্কুললৈ চাইকেলত লৈ যোৱা সেই দিনবোৰ মনত পৰিলে সঁচাই ভাল লাগে ৷
আজি জাননে আমাৰ হোষ্টেলৰ আগফালৰ মানুহ ঘৰত থকা গোলাপ কেইজোপা বৰ ধুনীয়া লাগিছিল, অলপ উজ্জ্বল গুলপীয়া ৰঙৰ ফুল কেইপাহ বৰষুণ বতৰত দেখি মনটো তৃপ্ত হৈ গৈছিল ৷
সিদিনা তই যে
"বিষ্ণুৰাভা এতিয়া কিমান ৰাতি" কবিতাটো আবৃত্তি কৰি শুনাবলৈ কৈছিলি এই মুহূৰ্তত আকৌ
আওৰাবলৈ মন গৈছে-
'বিষ্ণুৰাভা এতিয়া কিমান ৰাতি ?
তুমি সাৰে আছা,
সাৰে আছো
আমি
আৰু সাৰে আছে পৃথিৱী
বিহুৰ তলিত চিফুং বাঁহীৰ কৰুণ সুৰ
বড়ো গাভৰুৰ
নাচোনৰ তাল ভাগে
জনতাৰ চকু চকু পানীৰে বুৰ
মাজ নিশা কোনে ৰাজ
আলিয়েদি
আক্ষেপ কৰি যায়.......
বিষ্ণুৰাভা নাই..... (বীৰেন্দ্ৰ কুমাৰ
ভট্টাচাৰ্য)
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, জ্যেতিপ্ৰসাদ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱাৰ দৰে ব্যক্তিসকল অসমৰ সাহিত্য সংস্কৃতিৰ একো একোজন কাণ্ডাৰী স্বৰূপে ৷ যাৰ কাৰণে অসমীয়া জাতিয়ে মূৰ দাঙি থিয় হ'বলৈ প্ৰেৰণা পাইছে ৷ আমি তৃতীয় শ্ৰেণীত থাকোতে "কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা" নামৰ পাঠটি পঢ়িবলৈ পাইছিলোঁ ৷ তেওঁৰ জন্ম, পিতৃ, মাতৃ ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ৰ এটি উল্লেখযোগ্য ঘটনাৰে পাঠটিত সামৰি লৈছিল ৷ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই হৈছে অসমৰ প্ৰথমজন ব্যক্তি যি শংকৰদেৱৰ চিত্ৰ এখন আঁকি জন সমাজত বিলাই দিছিল ৷
এম ভি স্কুল, হাইস্কুলত পঢ়া দিনবোৰত ৰাভা দিৱস, শিল্পী দিৱসৰ দৰে অনুষ্ঠানবোৰ আমাৰ যে কিমান হেঁপাহৰ আছিল ৷ আমাৰ এম ভি স্কুলৰ সোণালী জয়ন্তী উপলক্ষে বিভিন্ন অনুষ্ঠানবোৰত আৰম্ভনীৰ গীত গাবৰ বাহে গীত শিকিছিলোঁ ৷ তাৰ ভিতৰত ৰাভাদেৱৰ বিশ্বৰ ছন্দে ছন্দে গীতটি মোৰ আজিও মুখস্থ আছে আৰু সুৰ লগাই গাব পাৰো ৷ কিমান গীত শুনিছো, গাইছো কিন্তু মোৰ দৰে বেসুৰা কণ্ঠ হ'লেও মন প্ৰাণ দি গাইছিলো বাবেই হয়তো গীতটি স্মৃতিপটত ৰৈ গ'ল ৷
তেওঁ সোণপাহী, মিচিং কনেংৰ দৰে
গ্ৰন্থ লিখিছিল ৷ আজিৰ নৱ প্ৰজন্মই কলাগুৰুৰ বিষয়ে জনা উচিত এটি এটিকৈ মনি ছিগি
গ'লেও আমি অসমীয়া সংস্কৃতিক বজাই ৰাখিবলৈ যত্ন কৰা উচিত আমাৰ চিন্তাধাৰা, ৰুচি,
জীৱন যাপন প্ৰণালীত মাৰ্জিত দিশ ফুটি উঠা উচিত ৷ অযথা কিছুমান হৈ- হাল্লাৰে সমাজখন
বিপথে পৰিচালিত কৰিব নালাগে কাৰণ আজিৰ যুগত যিকোনো ঘটনা ছেকেণ্ডত নব্য- মাধ্যমৰ
জৰিয়তে লাভ কৰিব পাৰে ৷ সময় থাকোতে আমি উচিত পদক্ষেপ লোৱা উচিত ৷ পিছত জাতি গ'ল,
সংস্কৃতি গ'ল, ভাষা গ'ল বুলি চিঞৰি লাভ নাই ৷ আমি সকলো জাক বান্ধি থিক হ'লেহে
অসমীয়া জাতিয়ে বিষ্ণুৰাভাৰ দৰে ব্যক্তিৰ শ্ৰদ্ধা জনোৱাৰ বাবে যোগ্য ৷
তই
চাগে বৰ ব্যস্ত হৈ পৰিছ' নহয়নে ? মোৰ তোক লৈ বৰ গৌৰৱ হয় ৷ তাহানিৰ লাজকুৰীয়া আজলী
ছোৱালীজনী আজি কিমান ডাঙৰ হৈ গ'লি তই মোতকৈ এবছৰ সৰু হ'লেও আমাৰ দুজনীৰ কিমান যে কি
! ৰংমন, সঁফুৰা, দেওবৰীয়া
সম্ভাৰ, প্ৰিয় সখী, নন্দিনী, বিস্ময় পঢ়া সেই দিনবোৰ,
বিশ্বৰ বিভিন্ন দেশৰ সংবাদবোৰ পঢ়ি দিয়া মন্তব্যবোৰ, আৰ্ট স্কুললৈ অহা যোৱা কৰা
দিনবোৰ, জেং বিহু মৰা দিনবোৰলৈ আজিও মনটো উৰি যায় ৷
দিনবোৰ গৈ আছে এদিন তয়ো
নাৰ্চ ওলাই আহিবি; ময়ো বিশ্ববিদ্যালয়ৰ পৰা শিক্ষকতা বৃত্তি গ্ৰহণ কৰিম বুলি ভাবিছো
৷ তই নাৰ্চ হৈ আহিলে আমাৰ গাওঁখনৰ উন্নতি হ'ব ৷ মানুহবোৰ স্বাস্থ্য সন্মত জীৱনৰ
প্ৰতি সজাগ হ'ব গতিকে ভালদৰে সকলোবোৰ শিকিবি ৷ তোৰ ওপৰতে আমাৰ সকলোৰে আশা
৷
জীৱনৰ বিফলতাবোৰ পাহৰি সফল হ'বলৈ যত্ন কৰিবি ৷ 'পৰজনমৰ শুভ লগনত' গানটো
গুণগুণাই আছো ৷ এই গীতটো মই এবাৰ ৰাভা সংগীত প্ৰতিযোগিতাত ল'ৰা এটাই গোৱা শুনিছিলো
৷ মই এতিয়ালৈকে সেই ল'ৰাটোৰ দৰে আবেগময়, সুৰীয়া কথা শুনা নাই সেইদিনা হ'ল ঘৰটো
নিৰ্জনতাত ডুব গৈছিল ৷ সকলোৱে এই গীতটিৰ মধুৰতাত ডুব গৈছিল ৷
নিজৰ খোৱা- বোৱা
যত্ন ল'বি, কাৰণ হোষ্টেলত তোক চাবলৈ কোনো নাই ৷ ভালকৈ
থাকিবি.....
ইতি
তোৰ বান্ধৱী
ভাগ্য
ঠিকনাঃ ডিব্ৰুগড়
বিশ্ববিদ্যালয়








