নীলা খামৰ চিঠি (অৰ্চনা কাৰাম)


প্ৰতি,

অচিন চিনাকি প্ৰেমিক বন্ধু......


ভালপোৱাৰ নামত বুকুৰ সেউজীয়াবোৰ উৰুৱাই নিদিবা আধুনিকতাৰ বতাহজাকৰ মাজত; দুচকুৰ নীলাভবোৰ কৃত্ৰিমতাত ডুবিব নিদিবা; মলিনতাৰ পৰা আঁতৰত ৰাখিবা হৃদয়ৰ হালধীয়াবোৰ; অমানিশাৰ ৰঙৰ সৈ'তে মিলি যাব নিদিবা মনৰ শুভ্ৰতাবোৰ। বিশ্বাস, এই বিশ্বাস শব্দটো বৰ ঠুনুকা জানা এবাৰ ভাগি গ'লে জোৰাব নোৱাৰি । অচিন চিনাকি তুমি প্ৰেমিক বন্ধু, সেই কাৰণে কৈছো "বিশ্বাস"ৰ লগত ল'ৰা ধেমালি নকৰিবা । জানা, নহ'লে কোনোবা আজন্ম প্ৰেমিকাই চিৰদিনৰ বাবে হেৰুৱাব পাৰে কাৰোবাক আপোন কৰাৰ জোখাৰে নিজৰ হৃদয় খন ।
তুমিওটো জানা, এখন বহল সেউজীয়া হৃদয়ৰ অবিহনে প্ৰেম সম্ভৱ নহয় আৰু এটা কথা, সময়ে যে, কেতিয়াবা কৃত্ৰিম ৰঙাবোৰৰ সৈ'তে লগলাগি দুচকুত ছলনাও কৰিব পাৰে । অবুজ নহ'বা অস্তগামী বেলিৰ লেলিহান শিখাত দগ্ধ হ'ব নিদিবা ভালপোৱাৰ স্পষ্টতাবোৰ । অভিমানী দুচকুৰ ভাষাও বুজিবলৈ চেষ্টা কৰিবা হা ৷ অচিন-চিনাকি প্ৰেমিক বন্ধু, কিছু অনুভৱ ক'লো, ভুল নুবিজিবা, মায়াৰে প্ৰলেপসনা বাস্তবিকতাৰ ৰেহ ৰূপ দেখিহে ক'বলৈ বাধ্য হ'লো ৷ মৌনতায়ো বহুত কথাই কয়, যাৰ অৰ্থ অতি গম্ভীৰ, কথাষাৰ মনত ৰাখিলে ভাল হ'ব যেন পাইছো ।


শেষত, হৃদয়ৰ স্বৰেৰে অনুভৱ কৰিবা ৷

ইতি
তোমাৰ অনামিকাৰ মৰম ৷