[লিমাৰিক]
(১)
ত্যাগৰ প্ৰতীক বোলে নগঞা সকল ৷
নকৰে চৰিত্ৰ কিন্তু কেতিয়াও নকল ৷
মাজে মাজে দুই এক,
ভাঙি দিয়ে সেই ব্ৰেক,
এনে কিন্তু কৰিব পাৰে নগঞাই অকল ৷
(২)
ৰাজধানী- চিকিৎসালয় প্ৰযুক্তি প্ৰতিষ্ঠান ৷
হোৱাৰ কিন্তু কথা আছিল আমাৰ এই স্থান ৷
বাৰে বাৰে প্ৰতাৰণা,
আৰু কি যে অৰিহণা,
প্ৰতিবাদি কণ্ঠই জানোঁ দিব প্ৰতিদান ৷
(৩)
প্ৰতিবাদি কণ্ঠেৰে স্বাৰ্থ আদায় কৰা ৷
দুই চাৰি বিৰাজমান আমাৰ এই ধৰা ৷
সকলোৱে চিনি পায়,
দেশখন বেছি খায়,
ক'ম মই তেওঁলোকক খায় পাত ফলা ৷
(৪)
কিয় বাৰু প্ৰতাৰিত বাৰে বাৰে আমি ৷
নেতাও আছে দেখোন বহু নামি দামি ৷
ভাষণত ফুলজাৰি,
ঘৰতহে গুণ্ডাগিৰি,
এনে নেতা থাকিলে জাতিৰ ভাঙিব কামি ৷








