ৰ'দৰ চিঠি -৩ (ৰ'দ ৰাগিনী)



খিৰিকীৰ ফাঁকেৰে ৰ'দ চেঙা ছিটিকি পৰিলহি পাৰ্থৰ গালে মুখে‌ ৷ দুচকু মেলি সি দেখিলে মিলন খুৰা ইতিমধ্যে উঠিলে । সময় কিমান হ'ল অনুমান কৰিব নোৱাৰিলে সি ৷ চকু দুটা বৰকৈ টানি ধৰিলে ৷ গোটেই ৰাতিটো সি প্ৰায় উজাগৰীকৈয়ে কটালে ৷ সি যেতিয়া টোপনি গৈছিল, পুৱা হ'বলৈ বেছিপৰ নাছিল । ভিতৰি কিমান ভাগি পৰিছে, সেই কথা কেৱল সি অনুভৱ কৰিব পাৰে । কালি শৌৰ্যই ফোন কৰিছিল, তৃষা আৰু হিমাংশু দায়ো ৷ সি তেওঁলোককো একো ক'ব নোৱাৰিলে । অন্ততঃ সত্যটো সম্পূৰ্ণকৈ নজনালৈকে সি একোৱেই নকয় । তৃষাই অভিমান কৰিছিল ৷পাৰ্থৰ এনে কি কথা আছে যিটো তাইৰপৰা লুকুৱাইছে ! এই ভাবটোৱে কষ্ট দিছিল তাইক‌ ৷

শৌৰ্য আৰু হিমাংশু দাই বুজাইছিল, কি হৈছে খুলি ক'বলৈ । কিন্তু সি অলপ সময় বিচাৰিলে তেওঁলোকক ৷ দুয়ো বুজিলে, সময় দিলে তাক বিচৰা ধৰণে ৷
পাৰ্থই জানে, শৌৰ্য আৰু হিমাংশু দাই বুজিব তাক । তৃষাইয়ো বুজে । কিন্তু তাই বুজিও অবুজ হৈ ৰৈছে... অভিমান এয়া । অভিমানী তৃষাজনী তাৰ !
আৰু শৌৰ্য আৰু হিমাংশু দা.. এই তিনিও তাৰ আত্মাসদৃশ হয় ৷ এতিয়াও পাৰ্থ ব্যাকুল তেওঁ লোকক লগ পাবলৈ ৷ কিন্তু তাৰ আগত ৰচকী বাইৰ ওচৰলৈ গৈ সকলো কথা জানিব লাগিব ।তাৰ অতীত কি ! ক'ত লুকাই আছে তাৰ অস্তিত্বৰ প্ৰকৃত সংজ্ঞা !


(আগলৈ)