নাৰিকল আৰু বুট দাইলৰ সৈ'তে কচু শাক (স্বপ্নালী শৰ্মা)

(নিৰামিষ ৰেচিপি)

আৱশ্যকীয় সামগ্ৰীসমূহঃ

১) কচু শাক ১ মুথা (সিদ্ধ কৰি লোৱা)

২) নাৰিকল ৰোকা ১ বাতি
৩) বুট দাইল ২ চামুচ (সিজাই লোৱা)
৪) মিঠা তেল ২ চামুচ
৫) পিঁয়াজ ২ টা
৬) আদা আধা ইঞ্চি
৭) বিলাহী ১ টা
৮) নহৰু ৫/৬ কোঁহ
৯) জালুক ৭/৯ টা মান
১০) জিৰা ১ চামুচ
১১) কেঁচা জলকীয়া ৪ টা
১২) গোটা ধনীয়া ১ চামুচ
১৩) গৰম মছলা আধা চামুচ

ৰন্ধন প্ৰণালীঃ
মছলাৰ হিচাপে পিঁয়াজ, আদা, বিলাহী, নহৰু, জালুক, জিৰা, জলকীয়া আৰু গোটা ধনীয়া একেলগে পিচি লওঁক ৷

কেৰাহীত তেল গৰম কৰি গোটা জিৰাৰ ফোৰণ দি মছলা খিনি মধ্যমীয়া জুইত ভাজক । যেতিয়া মছলাৰ পৰা তেল বিৰিঙিবলৈ আৰম্ভ কৰিব তেতিয়া নাৰিকল ৰোকাখিনি যোগ কৰি ৫ মিনিট ভাজি কচু আৰু দাইলখিনি যোগ কৰি ১০ মিনিট ভাজক আৰু তাৰ পিছত সামান্য পানী দিয়ক । পানী দিয়াৰ পিছত ৫ মিনিট ভাজি গৰম মছলা চতিয়াই গেছ বন্ধ কৰক আৰু গৰমে গৰমে ভাতৰ সৈ'তে পৰিৱেশন কৰক ।