অশ্বিনীৰ মনটো অাজি অানন্দেৰে ভৰা ৷ পৰীক্ষা শেষ হোৱাৰ দিনটোৰে পৰা তাৰ মনটো ভাল লাগি থকা নাছিল ৷ সেমেকা মন এটা লৈ প্ৰতিটো দিন প্ৰতিটো ৰাতি পাৰ কৰিছিল সি । মনত বহু প্ৰশ্নই দুলি অাছিল ৷ তাৰ হৃদয়ত অলেখ জল্পনা- কল্পনা ৷ থৌকিবাথৌ মন এটি লৈ সি অাজি কি কৰো কি নকৰো এনে ভাবত বিভোৰ হৈ অাছে । অলপ ভয় অলপ অানন্দৰ মাজেৰে শুই উঠাৰ পৰাই সি অধিৰ অপেক্ষাৰে ৰৈ অাছে ৰিজাল্টৰ কাৰণে ৷ দিনৰ দহ বজাৰ লগে লগে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ৰিজাল্ট ঘোষণা কৰিব ৷ ৰিজাল্ট সমূহ ইতিমধ্যে www.ahsec.nic.i
- তই কেতিয়াও ক'লা শাখাত পঢ়িব নোৱাৰ, বিজ্ঞান শাখাত পঢ়িব লাগিব (দেউতাকৰ ধমকনি) ৷
-
নহয় দেউতা মই ক'লা শাখাত পঢ়িম ৷ ক'লা শাখাত পঢ়িবলে মোৰ খুউব ইচ্ছা অাছে । বহু দিনৰ
অাগৰে পৰাই মই এই সপোন পুহি ৰাখিছো ।অাপুনি এতিয়া এনেখন নকৰিবচোন দেউতা ৷
- মই
কৈছো নহয় তই বিজ্ঞান শাখাত পঢ়িব লাগিব ৷ ক'লা শাখাত পঢ়ি কেইটাই চাকৰি পায় তই জান,
ৰমেনৰ দেউতাকে কৈছে ক'লা শাখাত পঢ়াৰ ল'ৰা- ছোৱালীয়ে হেনো চাকৰিয়ে নাপায় ৷ সেই কাৰণে
তোক মই কেতিয়াও ক'লা শাখাত পঢ়িবলে নিদিও । পৰহিলে ওলাবি লক্ষীমপুৰলে । উত্তৰ
লক্ষীমপুৰ কলেজত তোক নামভৰ্ত্তি কৰি থৈ অাহিমগৈ ৷
অশ্বিনীৰ খং উঠি গৈছিল দেউতাকৰ কথা শুনি ৷ কিন্তু দেউতাকৰ ওপৰত সি খং উঠিব নোৱাৰে । কিয়নো দেউতাকৰ বাবেই সি এতিয়ালৈকে হাঁহি ধেমালিৰে কোনো চিন্তা নকৰাকে দুবেলা দুমুঠি খাই থাকিবলে সুবিধা পাইছে । খোৱাবটো লাগিবই যিহেতো জনম দিছে । ৰমেনৰ দেউতাকৰ ওপৰতো খং উঠি গ'ল অশ্বিনীৰ । অানক শিক্ষা দিব অাহে । নিজৰ ল'ৰাটোৱে দেখোন বি এছ চি পাছ কৰি ঘৰতে বেকাৰ হৈ অাছে । ইফালে অানক শিক্ষা দিয়ে বিজ্ঞান শাখাতেহে পঢ়িব লাগে সোনকালে চাকৰি পায় । তেখেতক ওচৰত পোৱা হ'লে ভালকৈ এশেকা দিলোহেঁতেন । দেউতায়ো যে অানৰ কথাবোৰ ইমানকৈ শুনে নহয় । অশ্বিনীয়ে এইবোৰ কথা নিজৰ মনৰ মাজতে ভোৰভোৰাই থাকিলে ৷
এনেকৈয়ে সি দেউতাকৰ বাধ্য হৈ উত্তৰ লক্ষীমপুৰ কলেজলৈ তালি- টোপোলা বান্ধি ঢাপলি মেলিলে ৷ নতুন পৰিৱেশ, নতুন চিন্তা । কলেজৰ শ্ৰেণী কোঠাত প্ৰতিদিনে বিজ্ঞানৰ নতুন নতুন সূত্ৰ, ন ন সংজ্ঞা ৷ ৰাতি মগজুৰ প্ৰতিটো কোণত শ্ৰেণী কোঠাৰ জ্ঞান স্থায়ী ৰূপত থিতাপি লোৱাৰ অনুশীলন ৷ যিমান পাৰে চেষ্টা কৰিছে সি ভালকৈ পঢ়িবলে ৷ নাই সি পঢ়িব নোৱাৰে ভালকৈ । এই পঢ়ে এই পাহৰে ৷ বাৰে বাৰে কিছুমান কথাই তাক অাঁৱৰি ধৰেহি ৷ অৰ্থনীতিৰ সংজ্ঞা কি, সমাজশাস্ত্ৰৰ সংজ্ঞা কি, ৰাজনীতিৰ সংজ্ঞা কি; এইবোৰেহে তাৰ মনটোৰ মাজত থাকি মনটোক কুটি কুটি থাকে ৷ অশ্বিনীৰ দিনবোৰ এনেকৈয়ে পাৰ হৈ গ'ল ৷ এদিন এদিনকৈ দুবছৰ নিমিষতে সময়ৰ বটবৃক্ষৰ পৰা সৰি পৰিল ৷ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ নিৰ্দিষ্ট দিন অাহিল ৷ ভগৱানক চিন্তি অশ্বিনীয়ে পৰীক্ষা দিলেগৈ ৷ পৰীক্ষা শেষ হ'লত ঘৰলৈ গুচি অাহিল ৷
মাকে মতাত সি বাস্তৱলে ঘূৰি অাহিল । ঘড়ীটোলৈ চালে দহ বাজি গৈছে ইতিমধ্যে । লগে লগে সি ম'বাইলৰ ডাটা অন কৰি গ'গল চাৰ্ছত www.ahsec.nic.i
ফিজিক্স- ৩২,
কেমেস্ত্ৰী-
৪২,
মেথচ্- ২৮........
ৰিজাল্ট- ফেইল্ড ৷
হায় ৰাম কি দেখিছো এইবোৰ । মৰি
যাম এতিয়া মই । সমাজৰ অাগত কেনেকৈ দেখা দিম মই । মেট্ৰিকত যিটো ল'ৰাই প্ৰথম বিভাগত
উত্তীৰ্ণ হৈছিল সি এতিয়া ফেইল্ড ৷ ইচ্ কি হৈ গ'ল এইবোৰ ৷ মই মি কৰো এতিয়া নিজেই
ভাবিব পৰা নাই ৷ নিজৰ মনক বোজাব পৰা নাই অশ্বিনীয়ে । বিভিন্ন কথাই তাৰ মনটোক অাগুৰি
ধৰিছেহি । দুচকুৰ পৰা ধাৰাষাৰে চকুলো নিগৰিব ধৰিছে ৷
ঘৰত কান্দোনৰ মাত্ৰা ক্ৰমশঃ বাঢ়ি গৈছে । সম্ভৱ দেউতাকে কথাটো গ'ম পালে ৷ কোনোবাই ফোন কৰি জনাইছে ৷ মাকে হিয়া উজাৰি কান্দিছে । দুই এজন সম্বন্ধীয় মানুহে খবৰ ল'বলে অাহিছে ৷ অশ্বিনীয়ে কোঠাৰ এচুকত জোপোক মাৰি অাছে ৷ তাৰ দুচকুত এখন নতুন ছবি ভাহি উঠিছে । ঘূৰি থকা ফেনখনৰ তলত এটা মানুহৰ দৰে প্ৰাণীয়ে উলমি অাছে ৷
দূৰভাষঃ ৮০১১৯৩৪৫৫৪








