হে আজন্মা প্ৰেমিক
দেশ মাতৃৰ সচেতক তুমি
কণ্ঠৰ জোৰত তুমি
জগাই তুলিলা ডেকা শক্তিক,
শক্তিৰ সঞ্চাৰ কৰি
আইৰ সপোনক তুমি
সকলোৰে হৃদয়ত স্থান দিলা,
তোমাৰ বাবেই কৃষক মজদুৰে
প্ৰতিস্থা লাভ কৰিলে
সমাজত সকলোৰে
সন্মান ৰক্ষাৰ বাবে তুমি
চেষ্টাশীল হৈ থাকিলা,
তুমি প্ৰদান কৰা শক্তিৰে
লুইত পৰীয়া ডেকাক
জাগতৰ কৰি তুলিলা,
তোমাৰ বাবেই অসমী আইয়ে
সদায় শান্তি লভিব
তুমি নিজৰ চেষ্টাক
জনগণৰ হিতৰ হকে
দান কৰি গ'লা,
বিশ্বৰ ছন্দৰ স'তে
একাকাৰ হোৱাৰ পথ
তুমি দেখুৱালা
হে মাতৃভক্ত তোমাৰ
চৰণত আমাৰ শ্ৰদ্ধা নিবেদিলো
জাগ্ৰত হৈ তুমি
বিৰাজমান হৈ আছা
অসম ভূমিত ৷
ঠিকনাঃ দুলীয়াজান
দূৰভাষঃ ৯৯৫৭৩৬৮০৪১








