লাহে লাহে চাৰিওদিশ
এন্ধাৰে আঁৱৰি ধৰিছে
এপাহ দুপাহকৈ সৰি সৰি
এতিয়া নিচিহ্ন হ'ব
তেওঁৰ উজাগৰী ৰাতিৰ সুৰীয়া সপোনবোৰ
ঘৰ্মাক্ত দেহৰ চোলাটি শুকাবলৈ
তেওঁৰ দেশত এতিয়া ৰ'দ নাই
কাল সমূদ্ৰৰ জোৱাৰত
সকলো যেন স্তব্ধ
তেওঁৰ বজ্ৰৰ গানে
পোহৰাব নোৱাৰে
বিষণ্ণ হৃদয়ৰ সংকীৰ্ণতা
নিঃশেষ সেই ৰক্ত প্ৰতিবাদ
আৰু সত্তাৰ বিপ্লৱ
নিৰ্জন নিশাৰ মৰ্মভেদী স্তব্ধতাত
এতিয়া শুই পৰিছে
তেওঁৰ দেশৰ প্ৰতিদ্বন্দ্বী মানুহবোৰ ।
এন্ধাৰে আঁৱৰি ধৰিছে
এপাহ দুপাহকৈ সৰি সৰি
এতিয়া নিচিহ্ন হ'ব
তেওঁৰ উজাগৰী ৰাতিৰ সুৰীয়া সপোনবোৰ
ঘৰ্মাক্ত দেহৰ চোলাটি শুকাবলৈ
তেওঁৰ দেশত এতিয়া ৰ'দ নাই
কাল সমূদ্ৰৰ জোৱাৰত
সকলো যেন স্তব্ধ
তেওঁৰ বজ্ৰৰ গানে
পোহৰাব নোৱাৰে
বিষণ্ণ হৃদয়ৰ সংকীৰ্ণতা
নিঃশেষ সেই ৰক্ত প্ৰতিবাদ
আৰু সত্তাৰ বিপ্লৱ
নিৰ্জন নিশাৰ মৰ্মভেদী স্তব্ধতাত
এতিয়া শুই পৰিছে
তেওঁৰ দেশৰ প্ৰতিদ্বন্দ্বী মানুহবোৰ ।







