আজি পূৰ্ণিমা ৰাতি চাৰিওফালে পোহৰ
এই পূৰ্ণিমা ৰাতিটো আঁউসী ৰাতিৰ দৰে
চাৰিওফালে নিস্তব্ধতা,
এই নিস্তব্ধতাৰ মাজতো
মোৰ তোমাক ক'বলৈ বহু কথা আছে ,
তুমি অনুভৱ কৰিছানে ?
নিয়ৰৰ চেঁচা কণিকাবোৰৰ দৰে
তোমাৰ মৰমবোৰে মোক
বসন্তৰ উন্মনা সন্ধিয়াৰ দৰে
বাউলী কৰি তোলে
মই জানো......
তোমাক পাহৰি থাকিব পাৰাটো অসম্ভৱ
কিন্তু এবাৰলৈ জনা হ'লে
তোমাৰ এই নিস্তব্ধতাৰ কাৰণ ?
জানা,
সকলোবোৰ পাহৰা কথাওঁ নহয়
মনত পৰে তোমাৰ অন্তহীন ভালপোৱা প্ৰতিশ্ৰুতিলৈ,
বহুদিন হ'ল তোমাৰ মাত শুনা নাই
তোমাক লগো পোৱা নাই
তোমাৰ বাৰু মোলৈ এবাৰো মনতো পৰা নাই
আজি কালি মই মোৰ অশান্ত মনটোক
বুজাব নোৱাৰা হৈছো,
সঁচাকৈ কি যে অদ্ভুত
এই সম্পৰ্ক
প্ৰথমে হাঁহি তাৰ পাছত দুখ
জানা তোমাৰ স্তব্ধতা
মোৰ বাবে খুবেই অসহনীয়,
নাজানো ক'ত যে কি
ভুল হ'ল সম্পৰ্ক গঢ়াত
এবুকু আশা দি তুমি যে
বহু দূৰলৈ গুচি গ'লা,
মই নাজানো
তোমাৰ সপোনে
নদীৰ আশাৰ পানচৈ ক'ত ঠেকা খালে ?
আজি মই জীয়াই আছো
উমাল বুকুৰ হাজাৰ সপোনক লৈ
আৰু পুহি ৰাখিছো অজস্ৰ আশা,
জানা.....
এতিয়া তোমাৰ স্মৃতি সুঁৱৰি
দুগালত বুলাই লৈছো
দুধাৰি চকুপানী
হৃদয়ৰ মাজত বুকুফটা যন্ত্ৰণা
আজি দেখোন চৌদিশে
ঘোৰ অমানিশা
কোনফালে আছে জোনাক,
আজি মই
যি যন্ত্ৰণাত নিঃশেষ হ'বলৈ ধৰিছো
তোমাৰ জানো জানিবলৈ মন নাযায় ৷
এই পূৰ্ণিমা ৰাতিটো আঁউসী ৰাতিৰ দৰে
চাৰিওফালে নিস্তব্ধতা,
এই নিস্তব্ধতাৰ মাজতো
মোৰ তোমাক ক'বলৈ বহু কথা আছে ,
তুমি অনুভৱ কৰিছানে ?
নিয়ৰৰ চেঁচা কণিকাবোৰৰ দৰে
তোমাৰ মৰমবোৰে মোক
বসন্তৰ উন্মনা সন্ধিয়াৰ দৰে
বাউলী কৰি তোলে
মই জানো......
তোমাক পাহৰি থাকিব পাৰাটো অসম্ভৱ
কিন্তু এবাৰলৈ জনা হ'লে
তোমাৰ এই নিস্তব্ধতাৰ কাৰণ ?
জানা,
সকলোবোৰ পাহৰা কথাওঁ নহয়
মনত পৰে তোমাৰ অন্তহীন ভালপোৱা প্ৰতিশ্ৰুতিলৈ,
বহুদিন হ'ল তোমাৰ মাত শুনা নাই
তোমাক লগো পোৱা নাই
তোমাৰ বাৰু মোলৈ এবাৰো মনতো পৰা নাই
আজি কালি মই মোৰ অশান্ত মনটোক
বুজাব নোৱাৰা হৈছো,
সঁচাকৈ কি যে অদ্ভুত
এই সম্পৰ্ক
প্ৰথমে হাঁহি তাৰ পাছত দুখ
জানা তোমাৰ স্তব্ধতা
মোৰ বাবে খুবেই অসহনীয়,
নাজানো ক'ত যে কি
ভুল হ'ল সম্পৰ্ক গঢ়াত
এবুকু আশা দি তুমি যে
বহু দূৰলৈ গুচি গ'লা,
মই নাজানো
তোমাৰ সপোনে
নদীৰ আশাৰ পানচৈ ক'ত ঠেকা খালে ?
আজি মই জীয়াই আছো
উমাল বুকুৰ হাজাৰ সপোনক লৈ
আৰু পুহি ৰাখিছো অজস্ৰ আশা,
জানা.....
এতিয়া তোমাৰ স্মৃতি সুঁৱৰি
দুগালত বুলাই লৈছো
দুধাৰি চকুপানী
হৃদয়ৰ মাজত বুকুফটা যন্ত্ৰণা
আজি দেখোন চৌদিশে
ঘোৰ অমানিশা
কোনফালে আছে জোনাক,
আজি মই
যি যন্ত্ৰণাত নিঃশেষ হ'বলৈ ধৰিছো
তোমাৰ জানো জানিবলৈ মন নাযায় ৷







