ভোকে নামানে
নিয়ম- নীতি, পৰিস্কাৰ- লেতেৰা
ভোক বিহবল
ক্ষুধাতুৰতকৈ ক্ষুধাতুৰ
যেতিয়া হৰিৎকণা বিচাৰি ফুৰে
এজাক গৰখীয়া
এজাক চৰণীয়াই
হৃদয়ংগমৰ উপৰি পুৰুষেও
নুচুৱেগৈ সিহঁতৰ
কেঁচু- কুমটি বিচৰণৰ আকাশ
দেদাউৰি হাহাকাৰ
কিবা বুলি
কিবা বুলি
নিয়ম- অনিয়মৰ জুটুলা- জুটুলি
জুৰুলা- জুৰুল পথ
তুমি আকাশ দিয়া
হে আকাশ
তুমি বতাহৰ নাহৰ নিগৰি গুণ
তুমি চকুলোৰে ধুই চকুলো মচি শুকুৱা বিশাল চাদৰ
ফটো চিনথেচিষ্ট কুঁহিবন
আওঁসী মৰহি তোমাৰ
জাগৰিত কল্লোল
টিপচাকিৰ ঘৰবোৰ ৷







