বাস্তৱ (হিৰণ্য চেতিয়া গগৈ)


পূৰ্ণিমাৰ জোনাক নিশা স্মৃতিৰ পেৰা খুলি
সুমধুৰ ক্ষণ গণি উমাল কৰি তুলিব বিচাৰো,
আলফুলীয়া ৰাতি
উত্তাল সাগৰৰ উৰ্মিমালা ভেদি
বিচাৰি যাওঁ তোমাৰ ঠিকনাতো
দিবলৈ স্মৃতি গৰ্ভত থকা
হৃদয়ৰ কথা লিখা নীলা খামৰ চিঠি ৷
বাস্তৱ তুমি পাহৰিলা
মোৰ হৃদয়ৰ ঠিকনা
নে ধূলিৰ বাটে উৰুৱাই নিলে মোৰ ঠিকনা ৷ 


সৰু- সৰু ঘৰত
ডাঙৰ ডাঙৰ সপোনবোৰ বৰষিছে
মোৰ সেউজ ভাবত ৷
জ্ঞানৰ গৰীমাত ৰিবৰিকৈ মলয়াত
নাচে মন উলাহত,
ওপৰলৈ দুহাত মেলি নীলিমাক কি সুধো-
দিবানে ঠিকনা বাস্তৱৰ
নিষ্ঠুৰ বাস্তৱৰ স'তে যুঁজি
পাৰ হ'ব খোজো ভৱ সাগৰ ৷


ঠিকনাঃ টেঙাখাট ৷