গেৰুৱা বসন পিন্ধা
হে সুন্দৰৰ পূজাৰী
কিদৰে বুজাওঁ মই
দেশৰ দুৰ্গতি
চৌদিশে আজি তেজৰ চিঞাহী
বাৰুদৰ আখৰ
ক'লা ৰাজনীতিত লুতুৰি- পুতুৰি
তোমাৰ পুত্ৰ
মিছাতে ইমান কান্দিলা
সুন্দৰৰ পূজাৰী
আজি ভুকত শিশু নমৰে
মৰে হিংসাত
লোভত আকাশ বেচিব খোজা এচামে
ক'ত তোমাৰ উন্নতিৰ অসম
বেয়া নাপাবা
নকয় নোৱাৰো
পাৰিবাৰিক কন্দলত মছগুল
তোমাৰ পুত্ৰদ'ল
ৰচি টনাত পাকৈত
(এটি হুমুনিয়াহ)
আমি বিচাৰো-
নতুন পুৰুষে যুক্তিৰ আধাৰত
নতুন সমাজ গঢ়িব
তুমি বিচাৰিছিলা
নতুন পুৰুষৰ জন্ম হ'ব এদিন
তুমি চাই থাকা-
সভ্যতা বিৱৰ্তনৰ ইতিহাস ৷
ঠিকনাঃ চৰাইদেউ








