বগা তেজ (মঞ্জিত হাজৰিকা)


ৰজাৰ ঘৰত এটি ভ্ৰূণে থিতাপি লৈছে
বট বৃক্ষ জোপাৰ পৰা
এহালি কপৌ উৰি গৈছে
ৰাজ পৰিয়াললৈ সু- সংবাদ আহিছে


সু- সজ্জিত চহৰখন দেখি
স্নিগ্ধ ৰাতিৰ আকাশে নিজকে চিকুটি চাই
নিজৰ স্থিতিক বিচাৰি


অম্ৰাৱতীত ইন্দ্ৰই পাতে ৰাজ সভা
কোনে নচোৱাই অপ্সৰা
তেওঁৰ অজ্ঞাতে
মৰ্ত্যত সজায় সৰগ ৷

পাহাৰৰ তলিত এখনি ৰঙা নৈ
সোঁতত উটি যায়
পাহি মেলা
পিংগীয়া সপোন
ভুল
অস্পৃশ্য জাতিটোৰ
কাৰোবাৰ যুগ্ম জীৱনৰ পাতনি মেলাৰ সুখত
সিহঁতে বৰ কৈ হাঁহিছিল


তেজৰ ৰং ৰঙা বুলি জানো
জানো জন্মৰ প্ৰক্ৰিয়া

তথাপি হাবাথুৰি খাওঁ
মানুহক নিচিনি
মানুহেই মানুহক বিভক্ত কৰা
বগা তেজ বিচাৰি ৷


ঠিকনাঃ যোৰহাট