স্মৃতিৰ এটি আবেলি (উৎপল দত্ত)


(১)
মোৰ আজিও মনত পৰে
বসন্তৰ সেই আবেলিটোলৈ
যেতিয়া আমি দুয়ো নীৰৱে আগবাঢ়িছিলো
বিহুতলিৰ ঢোল, পেঁপা, গগনাৰ মাজলৈ ।

(২)
তোমাৰ খোপাৰ সেই কপৌফুল,
দুটি ওঁঠৰ ৰঙা লিপষ্টিকৰ মায়াজালত
মই যেন বলিয়া হৈ পৰিছিলো ।
ৰিব ৰিব মলয়া জাকে কাঢ়ি নিব খোজা
তোমাৰ মায়াময় সৌন্দৰ্য্যক
মই যেন আৱেগেৰে সাবটি ধৰিছিলো ।

(৩)
মোৰ দেহত এক অপূৰ্ব শিহৰণ জাগি উঠিছিল,
যেতিয়া খোজৰ মাজত অজানিতে
তোমাৰ হাতত স্পৰ্শ কৰিছিলোঁ ।
এনে লাগিছিল যেন
কান্ধৰ ঢোলটো নিজে নিজেই বাজি উঠিছিল ।

(৪)
মই যেন তোমাৰ অপূৰ্বতাত সপোনৰ নগৰীত
বিচৰণ কৰিছিলো,
সৌন্দৰ্য্য ৰোমন্থনৰ মাজত
গমেই পোৱা নাছিলোঁ
কেতিয়া গৈ উপনিত হৈছিলো,
আঁহতৰ তলত আমালৈ ৰৈ থকা
সেই বিহুদলটোৰ কাষত ।

(৫)
সঁচাকৈয়ে মোৰ আজিও মনত পৰে
বসন্তৰ সেই আবেলিটোলৈ,
পুনৰ মন যায়
তোমাৰ সৌন্দৰ্যত বিলিন হৈ
সপোনৰ মায়াজাল সাজিবলৈ ।

ঠিকনাঃ ঢকুৱাখনা, লখিমপুৰ ।
(অসামৰিক অভিযান্ত্ৰিক বিভাগ,
ডিব্ৰুগড় পলিটেকনিক)