সম্বন্ধ (কস্তুৰিকা)

সম্বন্ধ গঢ়িবলৈ অনুভৱৰ প্ৰয়োজন বন্ধু
আৰু,
অনুভৱৰ দলিচাত শুবলৈ
মোৰ হাতত সময় কম

জীয়াই থকাৰ হাবিয়াসনো কাৰ নাথাকে !
আৰু সেই হাবিয়াসেই জানো
আশা সৃষ্টি নকৰে ?


আশা আছে বাবেইটো...
তুমি, মই আমি সকলো জীয়াই আছো ।