ৰোমন্থন (কাবেৰী চেতিয়া)

ইয়াত এখনি নৈ আছিল,
আউলি- বাউলি চুলিৰ মোহময়ীৰ ঠিকনা য'ত !
তাইৰ মৃদু হাঁহিত
হৃদয় কাঢ়ি নিয়াৰ যাদু...
বিয়পিছিল নৈৰ পাৰে পাৰে ৷


পদুম পদুম নয়নৰ ভাষাত
উপচি আছিল প্ৰেম,
যাৰ আজন্ম প্ৰেমিক সৌ নৈ ৷
ইয়াত এখন নৈ আছিল.......
য'ত আছিল তাই,
এতিয়া নীৰৱে বৈ যায়
সেই অঘৰীৰ অবিহনে ৷