সুখৰ প্ৰহৰত কলীয়া ডাৱৰৰ আগমন
থৰ থৰ কৈ খহে অট্টালিকাৰ দেৱাল
দেৱালৰ ভৰত আহত হয় আত্মাৰ বিননি
উন্মোচন হয় এক নতুন সত্যৰ ।
আহ ! কিয় শুনালা ?
কিয় শুনালা সেই নিষ্ঠুৰ সত্য ?
মোৰ বুকুত বিষাদৰ জিঞ্জৰী বাজে,
কলিজাৰ ৰক্ত জৱাই বেজাৰত ধৰ ফৰাই
খহি পৰে সপোনৰ কাৰেঙ !
পুনৰ জন্ম পাওঁ মই- মৰি মৰি
মৰিশালীৰ নিস্তব্ধতাত জীন যায়
মোৰ সমগ্ৰ সত্তা ।
মই জাৰজ !
আই পিতাইৰ চকুৰ মুকুতাই
বুজাই দিয়ে- আকুলতা
মৌনতাই প্ৰগাঢ় কৰে সত্যতা...
মোৰ আপাদমস্তক কম্পমান
জঠৰ হৃদয়, বুকু, মন !
মই ভটিয়নি সোঁতত
চৈ দিয়া নাৱৰ যাত্ৰী ৷
ঠিকনাঃ শিৱসাগৰ
থৰ থৰ কৈ খহে অট্টালিকাৰ দেৱাল
দেৱালৰ ভৰত আহত হয় আত্মাৰ বিননি
উন্মোচন হয় এক নতুন সত্যৰ ।
আহ ! কিয় শুনালা ?
কিয় শুনালা সেই নিষ্ঠুৰ সত্য ?
মোৰ বুকুত বিষাদৰ জিঞ্জৰী বাজে,
কলিজাৰ ৰক্ত জৱাই বেজাৰত ধৰ ফৰাই
খহি পৰে সপোনৰ কাৰেঙ !
পুনৰ জন্ম পাওঁ মই- মৰি মৰি
মৰিশালীৰ নিস্তব্ধতাত জীন যায়
মোৰ সমগ্ৰ সত্তা ।
মই জাৰজ !
আই পিতাইৰ চকুৰ মুকুতাই
বুজাই দিয়ে- আকুলতা
মৌনতাই প্ৰগাঢ় কৰে সত্যতা...
মোৰ আপাদমস্তক কম্পমান
জঠৰ হৃদয়, বুকু, মন !
মই ভটিয়নি সোঁতত
চৈ দিয়া নাৱৰ যাত্ৰী ৷
ঠিকনাঃ শিৱসাগৰ







