ব্যাধি (বৰ্ণালী গগৈ)



- সন্দেহ ! কাক ? তোমাক ? call এটা receive নকৰিলা বুলিয়েই তোমাক সন্দেহ কৰিমনে ? যদি কেতিয়াবা waiting পোৱা ? তেতিয়া ভাবিম তুমি কাৰোবাৰ লগত দৰকাৰী কথা পাতি অাছা ।
- যদি ঘণ্টাৰ পাছত ঘণ্টা wait....
- শুনা, তেতিয়াও ভাবি ল'ম, তুমি কাৰোবাৰ লগত অতি দৰকাৰী কথা দীঘলীয়াকৈ আলোচনা কৰিছা ৷ তথাপি তোমাক সন্দেহ নকৰো ৷ সন্দেহে কেনেকুৱা মাৰাত্মক ব্যাধি হৈ মানুহক মৃত্যুৰ পথলৈ থেলি দিয়ে, মই সৰুৰে পৰাই দেখি অাহিছো ৷ ভালপোৱা, বিশ্বাস, মৰমৰে ভেঁটি সবল হৈ উঠা সম্পৰ্ক এটাত সন্দেহৰ ঘুণে ধৰিলে বেয়াকৈ অৱক্ষয় হয় । আনকি, নিজৰ অতি আপোনজনৰ ৰোগাক্ৰান্ত শৰীৰ এটা চাই থাকিলেও মৰিলেও মৰক ৷ ধাৰণাৰে নিস্পৃহ হৈ থাকিব পাৰে একমাত্ৰ সন্দেহৰ কাৰণে..
- sorry..
- আৰু শুনা, আমাৰ সম্পৰ্কৰ ভেঁটিটোত বিশ্বাস আছে ৷ তাৰ ভিত্তিত মই ভালকৈ জানো, তুমি আনক এই দৃষ্টিৰে সহজে চাব নোৱাৰা ৷ কাৰোবাক ভাল লাগিব পাৰে কিন্তু সেই ভাল লগাৰ পৰা ভালপোৱালৈ বহু সময় লাগিব তোমাক ৷
- আৰু...
- কামুৰ পাইছা ? পাবাই ৷ সন্দেহে তোমাক তিল তিলকৈ ধ্বংস কৰিব কিন্তু ভালপোৱা থাকি যাব ৷ আনকি শাৰীৰিক সম্পৰ্ককো উপলুঙা কৰি ভালপোৱা চিৰদিন জীয়াই থাকে । তুমিতো মোৰ বন্ধুজনৰ কথা জানা ৷
- কি ?
- বিবাহিত জীৱনতো সুখী নহ'ল । এবছৰ নহওঁতেই প্ৰেমিকা পত্নীয়ে এৰি গৈছে ৷ আচলতে তেওঁ হেনো আন কাৰোবাকহে ভাল পাইছিল আৰু আজিও...
- তোমাক নহয়তো ! sure ?
- আৰে... হ'বও পাৰে !
- really ! oh.....
- হ'ব ইমান ভয় খাব নালাগে বাৰু । এতিয়া কোৱা, ভালপোৱা শক্তিশালী হয় নে নহয় ? তুমি যদি মোক সন্দেহ কৰা ক্ষতি তোমাৰহে, মোৰ নহয় ৷ কিছুমান কথাৰ সত্যতাৰ বাবে সন্দেহৰ আশ্ৰয় ল'ব লগা হয় কিন্তু সাময়িক সন্দেহে ক্ষতি নকৰে । গতিকে.. সন্দেহৰ কথামোক নুসুধিবা ৷ মই বেয়া পাওঁ ৷
- i am really sorry ! তোমাক দুখ দিলোঁ ৷
- তোমাৰ গাত দোষ নাই ৷ বাস্তৱত এনেকুৱাই হয় ৷ by the way.. thanks কথাখিনি শুনিলা ৷ তোমাৰ ইমান ধৈৰ্য আছে বুলি আজিহে গম পালোঁ..
- অঁ ৷
- কি অঁ ? হ'ব পঢ়া exam পালেহিয়েই ৷
- বৰ ভাল লাগিল ঔ..
- ইচ্ হ'ব হ'ব পঢ়া । bye..
- হাঃ হাঃ bye.... ডায়েৰীৰ পৃ্ষ্ঠাত এই বিশেষ সময়খিনিক আজি তাই সাঁচি ৰাখিবলৈ মন গ'ল ৷ মেলি ল'লে তাইৰ নীলা ৰঙী বেটুপাতৰ ডায়েৰীখন ৷ ওপৰত লিখিলে "ব্যাধি"৷



ঠিকনাঃ অসমীয়া বিভাগ,
ডিব্ৰুগড় বিশ্ববিদ্যালয় ৷