সঁচাকৈয়ে পাগলী ছোৱালী তাই ।
জোনাক আৰু বৰষুণ বুলিলে একোকে নুবুজে তাই । জোনাক ৰাতি তাই অকলে অকলে ঘৰৰ চাদত বহি
জোনটোলৈ একেথৰে চাই থাকে । দেউতাকে তাইক ভূতে ধৰা বুলি জোকাই থাকে । তাই মাত্ৰ এটা
মিচিকিয়া হাঁহি মাৰি দেউতাৰ ফালে চাই থাকে আৰু বৰষুণৰ দিনত বৰষুণৰ দিনত চাদলৈ গৈ
চিনেমাত দেখুৱা নায়িকাৰ দৰে হাত দুখন মেলি তাই বৰষুণ উপভোগ কৰে আৰু হিন্দি চিনেমাৰ
গান গাই থাকে । বৰষুণৰ পানীৰ সোঁতত কাগজৰ নাও সাঁজি উটুৱাই দিয়ে সৰু ছোৱালীৰ
নিচিনাকৈ ।
তিতি থকা চুলি কেই কোছা যেতিয়া কান্ধত পেলাই লৈ চকু মুদি তাই
বৰষুণত তিতি থাকে মই তাইলৈ একেথৰে চাই থাকো । মোৰ ঘৰ তাইৰ ঘৰৰ একেবাৰে সন্মুখত, মোৰ
পঢ়া কোঠালিৰ খিৰিকীৰ পৰা তাইৰ ঘৰৰ চাদ খন ভালকৈয়ে দেখা যায় । প্ৰসাৰিত হাতৰ পৰা সৰি
পৰা বৰষুণৰ টোপাল কেইটা পৰ্য্যন্ত মই স্পষ্টকৈ দেখা পাওঁ । বৰষুণৰ লগত অহা শীতল
বতাহজাকে তাইক জোকাই যায় । বতাহজাকক তাই তাইৰ সৈ'তে তিতিবলৈ আমন্ত্ৰণ কৰে ৷ বতাহ
আৰু বৰষুণৰ লগত তাই খেলি থাকে । আজি কেইবাদিনৰ পৰা তাইক মই দেখা নাই, খবৰ ল'বলৈ
বুলি তাইৰ ঘৰলৈ গ'লো ৷ বিচনা এখনত কম্বল এখন মেৰিয়াই তাই শুই আছে ।
- ঐ
বৰষুণ ভাল পোৱা পাগলী ছোৱালীজনী, তোমাৰ বাৰু কি হ'ল ?
- বৰষুণত তিতি তিতি চৰ্দি
হ'ল, ইয়াত কৈ বেছি একো হোৱা নাই ।
- সঁচাকৈয়ে পাগলী তুমি । বৰষুণত এনেকৈ তিতেনে
কোনোবাই ?
- তুমিটো লিখা- মেলা কৰা নহয় । মোক জোনাক, বৰষুণজাক আৰু বতাহজাকক লৈ
কবিতা এটা লিখি দিবাচোন ?
- মইতো কবিতা নিলিখো ৷ মাজে মাজে দুই এটা গল্পহে লিখো
। কবিতা কেনেকৈ লিখিম ।
মোৰ হাতত হাত থৈ তাই ক'লে- এতিয়াৰ পৰা তুমি কবিতা
লিখিবা জোনাক, বৰষুণ আৰু বতাহৰ স্পৰ্শত মোৰ হৃদয়ত আন্দোলিত হোৱা স্পন্দনৰ অনুভৱৰ
বাখ্যা কৰিবা । এইবাৰ তুমি কবিতাৰে প্ৰকাশ কৰিবা মোৰ কথাবোৰ, তোমাৰ কবিতাত মই নিজকে
বিচাৰি পাম । মই একো নক'লো । একেথৰে তাইৰ চকুলৈ চাই ৰ'লো । বাহিৰত তেতিয়া ধাৰাষাৰ
বৰষুণ নামিছে ।
দূৰভাষঃ ৭৮৯৬৭৯২১৮৩








