ভয় (ইপ্সিতা দত্ত)



ঘৰখনৰ একমাত্ৰ ছোৱালী হিচাপে বৰ আদৰত ডাঙৰ হৈছিলো মই ৷ মাজনী, সোণজনী, আইমানু আদিৰ নামেৰে মৌ বৰষিছিল একমাত্ৰ ছোৱালীজনীৰ ওপৰত ৷ মা- দেউতা, বৰদেউতা- বৰমা, ককা- আইতা, দাদা- ভাইটি আদি সকলোৰে মৰমৰ আৱেষ্টনিত ডাঙৰ হোৱা 'মই' জনী ডাঙৰ হৈ আহিছিলো ক্ৰমান্বয়ে ৷ শৈশৱ, কৈশোৰ পাৰ হৈ যৌৱনত ভৰি দিয়া মোৰ ওপৰত সকলোৰে কৰ্তৃত্ব, মৰমৰ শাসন একোৰে উম- ঘাম নোপোৱাকৈ, অভাৱ কি নজনাকৈ উচ্চ শিক্ষাৰ বাবে হোষ্টেলত ভৰি দিছিলোগৈ । অজানা আশংকাত কঁপিছিল প্ৰথম দিনা মোৰ বুকু ৷ ঘৰৰ মানুহৰো একে ভয় যিহে দিন কাল ৷ এদিন দুদিনকৈ মিলি গৈছিলো মই বান্ধৱীবোৰৰ লগত ৷ হাঁহি ধেমালিৰে পাৰ হৈছিল দিনবোৰ ৷ আনৰ ওপৰত ভৰষা কৰা মইজনী নিজেই নিজৰ অভিভাৱক হৈ পৰিছিলো আৰু এদিন সন্ধিয়া বজাৰ কৰিবলৈ ওলাই গৈছিলো লগৰ কেইজনীৰ লগত ৷ ঘূৰি আহিছিলো এঘণ্টা মানৰ পাছত সন্ধ্যা সাত মান বাজিছিল ৷ কাষেদি পাৰ হৈ গৈছিল তীব্ৰ বেগী কেইখনমান বাইক ৷ বেৰি ধৰিছিল খোজকাঢ়ি গৈ থকা আমাক ৷ ভয়াৰ্ত মুখেৰে মাতো নুলাইছিল, যেনে তেনে পলাই আহিছিলো আমি দুজনীমান ৷ থাকি আহিছিল তাই ৷ পাছ দিনা টি•ভিৰ Breaking Newst দেখিছিলো ৷ তাই হেৰাই গৈছিল চিৰদিনলৈ । মানুহৰূপী সেই বাইকত অহা দানৱৰ হাতত ৷ (মানুহৰ জিঘাংসাৰ বলি হোৱা সকলৰ বাবে)


ঠিকনাঃ বোকাখাত