দপ দপ কৈ জ্বলি আছে
মোৰ মাতৃৰ বুকুত
একোৰা জুই,
জুইৰ শিখাই মোৰ মাতৃৰ শৰীৰ
আগুৰি ধৰিছে ৷
মাতৃয়ে চিঞৰিছে
ৰক্ষা কৰা
মোৰ শৰীৰ ছাঁই হ'ব এতিয়া ।
চাৰিওফালে জুই
মাতৃৰ হৃদয় বিদাৰক কান্দোন শুনিবলৈ
আজি পুত্ৰ নাই ।
যি পুত্ৰক সৰুতে স্তন প্ৰাণ কৰাইছিলা
সেই পুত্ৰ আজি ক'ত ?
তথাপিও মাতৃয়ে অভিসাপ দিয়া নাই,
তেওঁ এগৰাকী মাতৃ যে ৷
তেওঁৰ হৃদয়ত আছে মমতাৰ সাগৰ ৷
মই হিন্দু,
মই মুছলমান,
মই খ্ৰীষ্টান বুলি চিঞৰি লাভ নাই ৷
আমাৰ মাতৃ এজনীয়েই ভাৰত মাতা ৷
মই ভাৰতীয় ৷







