মোৰ প্ৰজ্ঞাৰ সন্ধান (গোলাপ কুমাৰ)


নহয়,
অলীক অবুজ আৰু অনুমান
মোৰ প্ৰজ্ঞাৰ সন্ধান !

ঘোৰ এন্ধাৰৰ তৰংগইদি
হাবি- বন পাহাৰ কাটি,
বিশ্বত যাযাবৰী হৈ
জীৰ্ণ নোযোৱা
অনু- পৰমাণু স'তে বিলীন হৈ
মই আকাশৰ জোনাকী পথত
সোণালী যুগৰ শান্তিৰ প্ৰহৰী ।


এই জয়াল মানৱ অৰণ্যত
মোৰ প্ৰজ্ঞাৰ সন্ধান
কাৰোবাৰ বাবে হ'ব পাৰে
এক দুৰ্লভ অবুজ অনুমান


আকাশ ফাটি বৰ্ষা নামিল,
নদ- নদীৰ যৌৱন বাঢ়িল,
এচপৰা ডাৱৰৰ আঁৰত থাকি
জোনবাইও প্ৰজ্ঞাৰ সন্ধানত নামিল ৷


পথৰ জঁকা,
মোৰ ভঙা সপোনৰ তেজৰ মখা,
হেৰুৱা হৃদয়খনৰ অস্তিত্ব বিচাৰি,
জমৰ জৰী ডিঙিত আঁৰিবলৈ
নাই কৰা প্ৰাৰ্থনা ।


নতুন সপোনক জীপাল কৰিবলৈ
জীৱন হাঁহিৰে সজাবলৈ
বেদনাৰ অৱসান
মোৰ প্ৰজ্ঞাৰ সন্ধান ৷


দূৰভাষঃ ৭০৩৫৫৮৩৪৬০