তুমি যে মোৰ নিচা
সেয়েহে,
সময়ে সময়ে বিচাৰো তোমাক !
তোমাক নাপালে মই অচল হৈ পৰো
শৰীৰৰ সৰু ডাঙৰ সকলো ভাগ
কঁপি উঠে তোমাৰ অনুপস্থিতত ৷
হেঁপাহ নপলাই
অত্যধিক ভাল পাইয়ো
অনাগত দিনটো
তোমাৰ নিচাত
অনবৰতে অধীৰ হৈ থাকিম
তুমি সমৰ্থন কৰা বা নকৰা
কিন্তু
মোৰ একো আহে বা নাযায়ো..!
কাৰণ
তুমি মোৰ নিচা
ভালপোৱাৰ নিচা ৷







