শৰতৰ আগমন (মৃদুস্মিতা নাথ)


স্নিগ্ধ শেৱালিৰ সুবাসত
তুমি আহা;
অতি সংগোপনে ৷
এবাৰো নোকোৱাকৈ
নীৰৱে আহা তুমি;
কিয় নাভাবা তুমি


তোমাৰ বাবে যে
কোনোবাই আশাৰে বাট চাই আছে ৷
তোমাৰ আগমনত
মোৰ ম'ন জীপাল হৈ উঠে ৷
অপেক্ষা কৰি থাকো
সেই মিঠা পুৱাবোৰলৈ;
য'ত থাকিব দুৱৰিৰ ওপৰত বগা দলিচা ৷
তাতে যেন বিলীন হ'ম
তুমি আৰু মই ৷
কিন্তু
তুমি বৰ দুষ্ট হৈছা
নিদিয়া তোমাৰ লগত
বিলীন হ'বলৈ,
নিবিচাৰা গুপন হৃদয়ৰ কথাবোৰ মুকলিকৈ পাতিবলৈ ৷
কিয় তুমি ইমান অভিমানী ?
ইমান নিষ্টুৰ তুমি !
মোৰ ভালপোৱাবোৰক
তুমি বাৰে বাৰে প্ৰতাৰণা কৰা
মোৰ সপোনৰ বালিঘৰ
তুমি কিয় ভাঙি দিয়া ?
মই সাৰ পোৱাৰ
আগতেই তুমি যোৱাগৈ
নাপাওঁ তোমাৰ লগত
এষাৰি কথা পাতিবলৈ 


এইবাৰ কিন্তু তুমি
মোক নিৰাশ নকৰিবা যাবৰ পৰত
মোক এষাৰি মাত দি যাবা ৷