ইনাই বিনাই মই কেতেকী (ঋষভ নাথ)


ৰাতি দোভাগৰ পুখুৰীত লহৰ তুলি
কেতেকীজনীৰ মনত কিহৰ আপোন পাহৰা নাচোন
বিৰহৰ নে সন্যাস লোৱা সপোনৰ অন্বেষণ


দুচকুৰ দুৱাৰ খুলি গছৰ তলত কোন জটাধাৰী
বৰষুণতো জানো নামি আহে আকাশী গংগা


এটোপাল তেজেও যে বিশুদ্ধ কৰে
ঘোলা এগাগৰী বাৰি


কি সুৰে বাৰু মোহাৰি যায়
সময়ৰ মুজুৰা কুঁহিপাত
উদঙাই যায় গাখীৰতী বনে
ঢাকি থোৱা হাবিতলীয়া বাট


আন্ধাৰৰ আউল ভাঙি ফণিয়ায় বতাহৰ চুলি
ঢৌ খেলি ফুলে নেকি গাত তাইৰ বীণাপাণিৰ আঙুলি


আকাশৰ বুকুত দগাই থোৱা কাঁচিজোনটো
সেয়াই নেকি পৰশুৰামৰ ৰূপালী কুঠাৰৰ ঘাপ


আঘাতেৰে জৰি জৰি তেজত মিহলি হয় জোনাক


দুখৰ মুঠিৰ পৰা তপত ছাইৰ দৰে সৰকি
গছে বিৰিখে সিঁচৰতি হৈ পৰাটো কেনেকুৱা পাপ
.
টোপনিতে মানুহবোৰক জগাই তুলি
ওঁঠে ওঁঠে যে বাকি দিয়া মিঠা আৱেগৰ মদিৰা
কলিজা খামুচি ডেউকা মেলি দিয়ে হেৰুওৱা ভালপোৱা


মনৰ ধান মেলি দিলোঁ দুহাতত ৰ'দৰ ভাষাৰে কোৱা
কি ৰূপে মুহিলে তোমাক হৃদয় যে খুলি দিলা
মাটিৰ ঠোঁট ফালি মৰমৰ লাভা বোৱালা


কিয় বিচাৰি ফুৰোঁ কোৱা মই এটি সোণৰ চৰাই
দেহৰ কফিন খুলি জীয়াব যদি পাৰোঁ মানুহবোৰক
ভালপোৱাৰ এবুকু উশাহেৰে মাটিৰ সুতুলি ফুঁৱাই


ৰাতি দোভাগৰ ফেৰেঙণিত নিজকে পুৰি কেতেকীজনী
সপোন আৰু দিঠকৰ দোমোজাত উবুৰি মানুহবোৰো
বুকুৱে বুকুৱে উমনি দি একো একোটা সোণৰ কণী