যিবোৰ খোজ হেৰাই যায় (নীলোৎপল বড়া)


একাকীত্বত ভোগা আত্মাবোৰৰ দৰে
সেই খোজ বোৰো ছটফটাই ফুৰে
যিবোৰ খোজ নিখোজ হয়
অসংখ্য খোজৰ ভিৰত


অনিশ্চয়তাৰ পৰাধীন
উদ্বেগহীন জীৱনৰ মোহ সামৰি
নিৰুদ্দেশৰ বাট বুলি
খোজবোৰ হেৰাই যায়
পৃথিৱীৰ সমস্ত অন্ধকাৰ গলিবোৰৰ কোণত


সদলবল প্ৰতিবাদমুখৰ ব্যস্ততাৰ আঁৰত
আৱেগৰ আকাশ সাবটি
খোজবোৰে উচুপি উঠে
শেষ সন্ধ্যাৰ আন্ধাৰত
অথচ কোনেও নেদেখে
কোনোৱে নুশুনে


নদীৰ দৰে দুখ সামৰে
বৰষুণৰ দৰে অতীত পাহৰে
চগাৰ দৰে আঁকোৱালি লয়
কুটিল মৃত্যু
অথচ উদ্ভাৱন নহয়
সেই ভ্ৰমণৰ পৰিভাষা
য'ত খোজ বোৰ মুৰ তুলি জীয়াই থাকে


যি যাত্ৰাৰ পৰিশেষ নাই
যি বাস্তৱৰ নায্যতা নাই
তেনে হাজাৰ হাজাৰ
সপোনৰ সমাধি গচকি
খোজবোৰ মাথো হেৰাই যায়
গভীৰতম চাৱনিয়েও বিচাৰি নোপোৱা
অযুত ব্যস্ত খোজৰ ভিৰত ৷