বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি বুলি
নোসোধো তোমাক
কাৰণ, মই জানো
এতিয়া দিনতো ৰাতি
তুমি কৈ যোৱা ক'লা আৰু বগা ৰঙৰ
ৰজা দুজন
আজিও আমাৰ মূৰৰ ওপৰৰ বেলি
কজলা মেঘেৰে ঢাকি ৰাখিছে ৷
বৰ ঘৰৰ বৰ পীৰাত বহি
আমাৰ সপোনবোৰক নাকি লগাই চেকুৰাইছে
ৰাতিপুৱাৰ পৰা ৰাতিপুৱালৈ ৷
পুঁজিপতি বণিক শ্ৰেণীৰ হাতোৰাৰৰ কোবত
কামিহাড়ৰ পেটত লাগিছে
তথাপিও
মুখেৰে সিহঁতৰ জয়ধ্বনি গুঞ্জৰি উঠিছে ৷
ভৰিৰ বুঢ়া আঙুলিৰ পৰা মূৰৰ চুলিলৈকে
পুঁজিপতিৰ খাতা বহীৰ কজলা পৃষ্ঠাত
চুক্তি পত্ৰ কৰি বন্ধকীত থৈয়ো
সিহঁতৰ মালা জপ কৰি
পেটত গামোচা বান্ধিছে ৷
এয়া আজিৰ মানুহ
বিষ্ণু ৰাভা, তুমি আকৌ যদি আহিব পৰা
এবাৰৰ বাবে হ'লেও আহা
তাহানিৰ তুলনাত আজি আমি অন্ততঃ
মুক্তভাৱে তোমাৰ খোজত খোজ মিলাই
আমাৰ মূৰৰ আকাশৰ বেলি
কজলা মেঘৰ আঁৰৰ পৰা উলিয়াই আনিম ৷
ঠিকনাঃ কটন বিশ্ববিদ্যালয়,
অসমীয়া বিভাগ
স্নাতকোত্তৰ বৰ্ষ,
দূৰভাষঃ ৯৭০৬৮২৯১৫৭







