সস্তিয়া চিন্তাৰে জীৱন সোপানত
কিমান উচ্চ হ'ব সাফল্যৰ শিখৰ
মানৱতাৰ অনুভৱে সিক্ত নকৰিলে হৃদয়
আত্ম পৰিচয়ৰ গ্লানিৰ ভৰেৰে
সৰ্পিল পথত পথচ্যুত ।
সময় ডেউকাৰ সঞ্চালনাত
সভ্যতা নামে
সমাজৰ গলিত নৱন্যাস
পলাতকাৰ ছাঁৰে জাত ।
মোৰ মুখত তোমাৰ প্ৰতিবিম্ব হেৰাই
সহৃয়তাৰ চুবুৰীত ফাগুন উৰে
গজাবলে অপতৃণ
ঘাটত বলেনে বতাহ
মুখৰিত হোৱা সুহুৰিৰ পৰাহ্নত ?
নল খাগৰিৰ জাঁজি ভাঙি
সজোৱা হেদালিখনত
বসন্তৰ পলাশৰ জীৱাষ্ম
মদাৰৰ পাঁহত ৰান্ধনী বেলি ।
ডেউকা ভঙা ক্ষণৰ আস্ফালন সাবটি
হেজাৰ গোবৰুৱা ৷
ঠিকনাঃ শেনচোৱা, নগাঁও
পিনঃ ৭৮২০০২
দূৰভাষঃ ৯৯৫৪১৮৪৫১৬







