আকাশখনে উদাসী ছাঁ দিছিল
বতাহে আনিছিল বিষাদৰ খবৰ
অশ্ৰুৰ টোপালত বৰষুণ আহিছিল
যিদিনা তোমাৰ আত্মাই
শুকুলা বসনেৰে যাত্ৰা কৰিছিল
ক'লীয়া ডাৱৰৰ মাজলৈ,
শোকত ম্ৰিয়মান জনতাৰ দেশ
ৰৈ গৈছিল দাৱনীৰ কাঁচি
চৰাইৰ সুৰ নাঙলৰ মুঠি
হেজাৰজনৰ প্ৰতীক্ষা তোমালৈ
তোমাৰ সূৰ্যদীপ্ত মুখনিলৈ ৷
তুমিয়েতো আছিল…
সংগ্ৰামী সত্তাৰ পথ নিদৰ্শন
বাৰে- বৰণীয়া সংস্কৃতিৰ এটি স্তম্ভ
তুমি হোৱা পৰিচয় ঐক্য- সংহতিৰ
তুমিয়েতো আমাৰ গুৰু
ক'লাগুৰু বিষ্ণপ্ৰসাদ ৰাভা ৷
ঠিকনাঃ অভয়াপুৰী ৷







