মনত পৰে সেই বৰষুণজাকলৈ
কলেজৰ কৃষ্ণচূড়া তলত বহি
তুমি আৰু মই আদ্দা মাৰি থকাৰ সময়ত
যেতিয়া চিপ চিপ কৈ বৰষুণ জাক পৰিছিল
তেতিয়া বহুত পুলকিত হৈ পৰিছিল মোৰ মন ।
ৰোমাণ্টিক হৈ পৰিছিলো মই ৷
তুমি জানো ৰোমাণ্টিক হৈছিলা ?
মোৰ ভাব হৈছিল
তুমি আৰু মই যেন
কোনোবা অজান দেশত আছো,
চাৰিওফালে কেৱল
বৰষুণ বৰষুণ আৰু বৰষুণ ৷
মোক পুলকিত কৰিছিল
তোমাৰ কাজলসনা চকুযুৰিয়ে,
পুলকিত কৰিছিল ৰঙা লিপষ্টিকেৰে ভৰা
তোমাৰ ওঁঠ দুটিয়ে ।
বলীউদৰ ঐশ্বৰ্য্য ৰায়ৰ দৰে তোমাৰ চকু যুৰি,
মাধুৰী দিক্ষীতৰ দৰে তোমাৰ ওঁঠ দুটি ৷
মোৰ মন গৈছিল
তোমাক এপাহ ৰঙা গোলাপ দি,
তোমাৰ হাতত মোৰ হাত থৈ
হিন্দী চিনেমাৰ দৰে প্ৰস্তাৱ দিবলৈ,
কিন্তু সাহস নহ'ল ।
যেতিয়া তোমাৰ চকু যুৰিৰ পৰা
মোৰ চকু যুৰি আঁতৰাই আনিছিলো,
দেখিলো সহঃপাঠী বোৰে
আমাৰ দুয়োলৈ থৰ লাগি চাই আছিল ৷
মোৰ বহুত লাজ লাগিছিল,
হয়তো তোমাৰো চাগে বহুত লাজ লাগিছিল ৷
সেই চিপ চিপ বৰষুণ জাকে
বহুত মিঠা অনুভৱ দিছিল মোক,
হয়তো তোমাকো চাগে মিঠা অনুভৱ দিছিল ।
সেয়েহে মনত পৰে সেই বৰষুণ জাকলৈ,
মনত পৰে কলেজৰ কৃষ্ণচূড়া জোপালৈ ৷
এতিয়াও চিপ চিপ বৰষুণত
মই ৰোমাণ্টিক হৈ পৰো ৷
কেৱল বৰষুণ বৰষুণ আৰু বৰষুণ ৷







