পাহাৰৰ সিপাৰৰ পৰা অহা
ৰঙা বেলিৰ
ৰঙা ফোঁট এটিয়ে
নৈৰ বুকুখন ৰঙচুৱা কৰিলে ৷
এজাক কোমল বতাহে
কাণে কাণে কৈ গ'ল
কেনেকৈ বৈ যাব লাগে
মেঘৰ ফাঁকে ফাঁকে ৷
আৰু চাবলৈ শিকালে
আকাশৰ খলা- বমা
পৰিচয় কৰাই দিলে
জোন আৰু তৰাৰ স'তে ৷
আজি চকুৰ পচাৰতে
চিনিব পৰা হ'ল
ডাৱৰীয়া আকাশৰ সোণগুটি,
যিহেতু দূৰণিৰ পৰা
সকলো ভালেই দেখি ৷







