পৰজনমৰ শুভ লগনত
হ'লনে পূৰণ সেই অপূৰ্ণ আশা
বিষ্ণুৰাভা
তোমাৰতো পিতামহ প্ৰতিজ্ঞা
প্ৰতিজনমতে
বিপ্লৱী হোৱা,
কোন জনমত বিচাৰিছিলা
সেই সময় অৱসৰী
য'ত কাংক্ষিত
তোমাৰ প্ৰতি প্ৰহৰ প্ৰেয়সী...
তোমাৰতো আছিল
প্ৰিয় নাচ নটৰাজী !
মঞ্চই মঞ্চই
সংলাপ ক্ৰান্তিকাৰী
জনমে জনমে তোমাৰ যাযাবৰী গাঁথা
কোন প্ৰহৰৰ পৰৱৰ্তী
সেই লগন শুভ
বিষ্ণুৰাভা ৷







