এটি নিশা ঢিমিক- ঢামাক
জ্বলি থকা
এটি দীপশিখা
পোহৰৰ ৰেঙনি
পৰিছিল নেকি কৰ'বাত ?
হাতত কলম
এখন বগা কাগজ
লিখিছিলো তোমালৈ
অতীত নে ভৱিষ্যত
সপোন নে দিঠক
নিশা হঠাত মোৰ চলচলীয়া চকুযোৰ
ভাৱনাত বুৰ যোৱা দিনবোৰ
ছিটিকি পৰা, বুটলি লোৱা
মৰমৰ টোপোলাবোৰ ৷
নিৰিবিলি নিশা
উজাগৰে কটোৱা ৰাতিটো
ভাবি শেষ কৰিব নোৱাৰা
সিচঁৰিত হৈ থকা ভাৱনাবোৰ
মনত পৰে মোৰ
উচপিচ কৰি থকা
এটি নিশা ৷
ঠিকনাঃ কাছগাওঁ
দূৰভাষঃ ৭৮৯৬৮৮১৪০৫







