মই তোমাক পাহৰিম মাথোঁ এদিনৰ বাবে (ধীৰাজ ডেকা)


মই তোমাক পাহৰিম মাথোঁ এদিনৰ বাবে
সেই দিনা তুমি মোৰ মনৰ পৰা সৰি পৰিবা
গছৰ এখিলা শুকান পাতৰ দৰে,
শীত কালত পাত সৰি লঠঙা হোৱা
গছৰ দৰেই হৈ পৰিব মোৰ দেহ,
ম্লান পৰি ৰ'ব মোৰ ওঁঠৰ হাঁহি ৷


গছৰ শুকান নিথৰ পাত
বতাহৰ ঘৰ্ষণত কৰ মৰাই উঠাত
গছৰ ডালৰ পৰা চক খাই উৰি যাব
নীৰৱে বহি থকা এটি কণমানি পখী দূৰলৈ
হয়তো অজান দেশলৈ...


মোৰ বুকুৰ সুখবোৰ
লাভা হৈ গোট মাৰিব
পৃথিৱীৰ বুকুৰ কোনোবা গভীৰ কোণত,
মোৰ মৰমবোৰ কবিতা হৈ ৰৈ যাব
অযতনে পৰি ৰোৱা ডায়েৰিৰ পাতত ৷


অস্তমিত সুৰুযে
বাট এৰি দিব নিশাৰ অন্ধকাৰক,
সেই নিশাৰ পৰা ময়ো তৰা হৈ উজলিম
নিজৰেই চিতাৰ জুইৰ পোহৰত ৷


নিশাৰ বিশাল আকাশৰ
অচিনাকি কোণৰ পৰা চকমকাই
নিতৌ তোমাক হাত বাউলি মাতিম
কাৰণ...
মই তোমাক পাহৰিম মাথোঁ এদিনৰ বাবে ৷