পতিতা (জানমনি নাথ)

আপোনাৰ মাতৃৰ দৰে
আপোনাৰ ভগ্নীৰ দৰে ময়ো এগৰাকী নাৰী
তেনেহ'লে কিয় বাৰে বাৰো হত্যা কৰা হয় মোক ?
কাপুৰুষৰ দৰে কিয় আজুৰি লৈ যায়
মোক অন্য এখন পৃথিৱীলৈ
অনুৰোধ কৰিছো-
মোক শালীনতাৰ মাজতে
জীয়াই থাকিবলৈ দিয়ক,
আজুৰি কামুৰি মোক নিঃশেষ নকৰিব,
মোক জীয়াই থাকিবলৈ দিয়ক,
মোক জীয়াই থাকিবলৈ দিয়ক ৷

ঠিকনাঃ কাজিৰঙা