এটি গোলাপৰ কলিৰ দৰে
যদি হয় তোমাৰ হাঁহি
কোনে বাৰু ক'ব তোমাক
মিছলীয়া বুলি !
দুভাগ ৰাতিৰ স্বপ্নৰ দৰে
বাৰে- বাৰে (আহি) আমনি কৰা,
তথাপি নকওঁ তোমাক
মিছলীয়া বুলি !
ব্যৰ্থ প্ৰেমৰ প্ৰেমিকা হ'লেও
সাঁচি থোৱা ঐশ্বৰ্যৰ দৰে
ৰাখিম তোমাক হৃদয়ৰ একোণত
তথাপি নকওঁ তোমাক
মিছলীয়া বুলি !
মৰমক মৰমেৰে প্ৰতিশ্ৰুতি দি
কোনো দিন নক'লা খুলি
মই তোমাৰ নহওঁ বুলি...
কোৱা প্ৰেয়সী-
কেনেকৈ কওঁ,
তোমাক
মিছলীয়া বুলি !
দূৰভাষঃ ৮৪৮৬৭৭৩২০২
যদি হয় তোমাৰ হাঁহি
কোনে বাৰু ক'ব তোমাক
মিছলীয়া বুলি !
দুভাগ ৰাতিৰ স্বপ্নৰ দৰে
বাৰে- বাৰে (আহি) আমনি কৰা,
তথাপি নকওঁ তোমাক
মিছলীয়া বুলি !
ব্যৰ্থ প্ৰেমৰ প্ৰেমিকা হ'লেও
সাঁচি থোৱা ঐশ্বৰ্যৰ দৰে
ৰাখিম তোমাক হৃদয়ৰ একোণত
তথাপি নকওঁ তোমাক
মিছলীয়া বুলি !
মৰমক মৰমেৰে প্ৰতিশ্ৰুতি দি
কোনো দিন নক'লা খুলি
মই তোমাৰ নহওঁ বুলি...
কোৱা প্ৰেয়সী-
কেনেকৈ কওঁ,
তোমাক
মিছলীয়া বুলি !
দূৰভাষঃ ৮৪৮৬৭৭৩২০২







