ভালপোৱা (মায়া তালুকদাৰ)

বৰ্ষাৰ চঞ্চল আকাশত মেঘালী পাখি
কঁপি উঠে সদ্যস্নাতা গোলাপী পাহি
চেঁচা এচাটিৰ আলসুৱা বা লাগি ৷

দেওহাঁহ এহাল ডুব মাৰে সৌ তাত
আকৌ ওলাই আহি ইয়াত;
ভাগৰি নাভাগৰা দুচকুৰ পলক
স্বপ্নালী মাধুৰী বাগিচাত।

পদুম পাতত শ্ৰাৱণী জুনুকা..
ক'ৰ পৰা জানো আহে
তোমাৰ কস্তুৰীৰ মতলীয়া সুবাস;
ভালপোৱাৰ বিজুলী হেঁপাহ ৷


ঠিকনাঃ গৰীহাটী, নলবাৰী