মৰমৰ,
তুমি ভালেই আছা নে ?
ক'ত কি কৰি আছা ? মনত নপৰে নে এবাৰো তোমাৰ আমাৰ
বাবে ? আজিও তোমাৰ অবিহনে আমি অকলশৰীয়া আমিবোৰ ! তুমি যোৱা আজি এবছৰে হ'ল....
এনেকুৱা লাগিছে যেন আজি তুমি আহি দেখা দিবাহি ! এই এবছৰ প্ৰয়েই মোক শুধে ঘৰত কোন
কোন আছে ? উত্তৰত ক'ব মন নাজাই মোৰ দেউতা নাই বুলি ! তোমাৰ লগৰ প্ৰায় বোৰেই যোৱা
কালিতেই আহিছে,যেতিয়া আটাইবোৰে চোতালত বহি আছিল তোমাক বিচাৰিছিলো সিহঁতৰ মাজত !
চকুযুৰি সেমেকি উঠিছিল ! আজিও তোমাৰ ঠাই কণ দেখিলেই সেইদিনটো মনলৈ আহে যি দিনটো
আজিও অবিশ্বাস্য এতিয়াও.... আজি তুমি যতেই নাথাকা কিয় তুমি ভালেই থাকিবা, অযুত মৰম
তোমাৰ বাবে, এতিয়া সামৰিছো দেউতা আশিৰ্বাদ ৰাখিবা ৷
তোমাৰ মৰম,
আইটু








