জীৱন আশাময় (হৃদয় মৃণাল ৰয়)

মোৰ দৰে হয়তো আপুনিও ভাৱে
প্ৰতিটো দুখৰ নিশাৰ অন্তিম সুৰত
এটি চিকুণ প্ৰভাতৰ জন্ম ৰহস্য থাকে !


সেই নৱ প্ৰভাতৰ উজ্জ্বলতা দেখিবলৈ
সদায় অধীৰ উত্ৰাৱল মোৰ মন
জানোচা হাঁহি আৰু সুখৰ কিৰণ বিচাৰি পাওঁ!


যন্ৰণাময় বা বিষাদীয় দিন কটোৱাৰ পিছতো
কলিজাৰ ধপধপনি তৰা ফুল নোহোৱালে'
ক্ৰমশঃ মই নৱ প্ৰভাতৰ কৰি থাকো অপেক্ষা ৷


ঠিকনাঃ বইটামাৰী, বঙাইগাঁও
৷