ভোক (পিকি পাৰবীন)

তাই ব্ৰত নতু ৰোজা অবিহনে
গছকি আহিল ক'ত ভোকাৰ্ত দিন,
পীড়িত বৰ্বৰ ৰাতি;
ধূলিয়ে পোতা গালত
শুষ্ক অশ্ৰুৰ আঁচবোৰে কান্দে,
হাহাকাৰ কৰে ভঙা কলিজা কঁপাই,
"হেৰৌ শিলাহৃদ ভাই, খাবলৈ দে এচিকুট..
আজি যে ভোক- জ্বালাৰ প্ৰেমিক তয়ো,
চাগে বুজিবি
মোৰ আজীৱন পাকস্থলীত
অপূৰ্ণতাৰে মাৰ খেদোৱা লঘোনৰ হেঁচা !


ঠিকনাঃ পুঠিমাৰী মহাবিদ্যালয়, সোণেশ্বৰ
জিলাঃ কামৰূপ, অসম